BreakingNews

কলম্বিয়াৰ বিৰুদ্ধে জাপান জয়ী

Sentinel Digital Desk

বৃহৎ অঘটনেৰে ৰাচিয়া বিশ্বকাপত অভিযান আৰম্ভ কৰিছে এচিয়াৰ দল জাপানে।ফিফা বিশ্বকাপৰ গ্ৰুপ এইচৰ এখন খেলত মঙলবাৰে জাপানে ২-১গ'লত জেমচ ৰড্ৰিগোজেৰ দল কলম্বিয়াক পৰাস্ত কৰে ।মেচৰ তিনি মিনিটত কলম্বিয়াৰ কাৰ্লোছে ছানচেজে বক্সৰ ভিতৰত ফাউল কৰাত জাপানে সেই সুযোগতে পেনাল্টিৰ সহায়ত প্ৰথম গ'লতো দিয়ে।য়ুৱান ফাৰ্নান্ডোয়ে প্ৰথম অৰ্ধৰ অন্তিম সময়ত কলম্বিয়াৰ হৈ গ'ল দি সমতা স্থাপন কৰে যদিও ইউয়া ওছাকোয়ে জাপানৰ হৈ গ'ল দি কলম্বিয়াৰ আশাত চেঁচাপানী ঢালে।