BreakingNews

চাহ শ্ৰমিক সকলৰ বাবে সুখৱৰ; অতি শীঘ্ৰেই প্ৰদান কৰা হব পি এম এ ৱাইত অধীনত গৃহ

Sentinel Digital Desk

চাহ কৰ্মচাৰী সকলে ইমান দিনৰ পৰা কৰি থকা প্ৰতিবাদৰ অন্ত দিশপুৰে গ্ৰহন কৰে এক পদক্ষেপ।অসম চৰকাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগানৰ শ্ৰমিক সকলক প্ৰদান কৰিব ভূমি পট্টা।ৰাজ্যিক চাহ জনগোষ্ঠী কল্যাণ মন্ত্ৰী পল্লৱ লোচন দাসে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে।দিশপুৰ আৰু চাহ শ্ৰমিক সকল তথা চাহ বাগিছাৰ স্বত্তাধিকাৰীয়ে আলোচনাত মিলিত হয়।সভাত আলোচনা হোৱা অনুসৰি পি এম এ ৱাইৰ হিতধীকাৰী আৰু চাহ বাগিছাৰ মালিকৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।