BreakingNews

শীৰ্ষস্থান দখলৰ লক্ষ্যৰে চুইডেনৰ মুখামুখি মেক্সিকো

Sentinel Digital Desk

একাটেৰিনবাৰ্গ ষ্ট্ৰেডিয়ামত আজি অনুস্থিত হবলগীয়া গ্ৰুপ এফ'ৰ এখন খেলত মেক্সিকো চুইডেনৰ মুখামুখি হব।প্ৰথম খন মেচত বিশ্ববিজয়ী জাৰ্মানীক পৰাস্ত কৰি বিশ্ববাসীক স্তভিত কৰি তোলে।দ্বিতীয় খন খেলতো দক্ষিণ কোৰিয়াক ২-১ গ'লত পৰাস্ত কৰি গ্ৰুপ তালিকাৰ শীৰ্ষত আছে।চুইডেনে দক্ষিণ কোৰিয়াক হৰুৱাৰ বিপৰিতে জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত হৈছে।চুইডেনৰ বাবে জয় অতি দৰকাৰ যদিও ফৰ্মত থকা মেক্সিকোক হৰুৱাতো সিমান সহজ নহব।