চাহ কৰ্মীৰ ধৰ্ণা কাৰ্য্যসুচী

চাহ কৰ্মীৰ ধৰ্ণা কাৰ্য্যসুচী

অসম চাহ মজদুৰ সংঘ মঙলদৈ শাখাৰ সহযোগত উদালগুৰি জিলাৰ সহস্ৰাধিক চাহ বাগিচাৰ কৰ্মচাৰীয়ে প্ৰৱন্ধকৰ কাৰ্য্যালয়ৰ সন্মূখত দৰমহা ৩৫০ টকা ধাৰ্য্য কৰিবলৈ ধৰ্ণা কাৰ্য্যসুচীৰ জড়িয়তে দাবী জনায়।মজদুৰ সংঘৰ বিষয়ববীয়া সকলে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাহবাগিচাৰ কৰ্মচাৰীৰ কল্যানৰ বাবে একো কাম কৰা নাই মাত্ৰ তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে।প্ৰতিবাদকাৰীয়ে বাগিচাসমূহৰ মালিক আৰু ৰাজ্যৰ শ্ৰমিক মন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দিয়ে।সংঘই বাগিচাৰ প্ৰৱদ্ধকৰ জড়িয়তে শ্ৰমিক মন্ত্ৰী আৰু শ্ৰমিক আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।চাহ মজদুৰ সংঘ মঙলদৈ শাখাৰ প্ৰতিস্থাপক সম্পাদক চিমন নাগে কয় যে চৰকাৰে ছয় মাহ পাৰ হৈ যোৱাৰ পাছতো দৰমহা বঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহন নকৰিলে।সোনকালে ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব লাগে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com